২৭ ডিচেম্বৰ,২০২৪- গুৱাহাটীত ৭০০টকীয়া ভাড়াঘৰ আছিল ডঃ মনমোহন সিঙৰ
গুৱাহাটীৰ সৰুমটৰীয়াত ভাৰাতীয়া হিচাপে আছিল ডঃ মনমোহন সিঙ। অসমৰ যদি কোনোবাই ড০ মনমোহন সিঙক অতি ঘনিষ্ঠভাৱে পাইছে, সেই সকলৰ ভিতৰত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালেই অন্যতম। হিতেশ্বৰ শইকীয়াই নিজে বাস কৰা ঘৰটোতেই ভাৰাতীয়া হিচাপে আছিল ড০ মনমোহন সিঙ। যিহেতু ড০ মনমোহন সিঙে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল গতিকে হিতেশ্বৰ শইকীয়াই সৰুমটৰীয়াত থকা তেওঁৰ বাসগৃহৰ দুটা কোঠা ভাড়ালৈ দিছিল ড০ সিঙক।
এনেদৰে অসমৰ ভাৰাতীয়া আৰু বাসিন্দা হৈ পৰিছিল ড০ মনমোহন সিং। অতি সাধাৰণভাৱে জীৱন যাপন কৰা ড০ সিং ১৯৯১চনৰ পৰা ১৯৯৬চনলৈ দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল। ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ ঠিকনা হৈছিল- হিতেশ্বৰ শইকীয়া, সৰুমটৰীয়া, গুৱাহাটী, অসম।
এই ভাড়াঘৰটোৰ বাবদ ভাড়া আদায় দিছিল মনমোহন সিঙে। প্ৰথমে ৭০০টকা ভাড়া দিছিল তেওঁ। ভাড়াৰ চেক দিল্লীৰ পৰা তেওঁ নিয়মীয়াকৈ হেমপ্ৰভা শইকীয়াৰ ঠিকনাত পঠাই দিছিল। ১৯৯১ৰ ১অক্টোবৰৰ পৰা ২০১৯ৰ ১৪জুনলৈকে অসমৰ পৰা নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ সাংসদ আছিল ড০ মনমোহন সিং।
ডঃ মনমোহন সিঙৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপুৰণীয় ক্ষতি। ২০০৪ চনত প্রধানমন্ত্রী হিচাপে শপত লৈ অসমৰ বাবে বিশেষ উদ্যোগ লৈছিল সিঙে। ২০০৫ চনত তেওঁ নেতৃত্বতে দেশত আৰম্ভ হৈছিল NRCৰ কাম কাজ। উত্তৰ পূবৰ বাবেও বিশেষ পেকেজ ঘোষণা কৰিছিল ড০ মনমোহন সিঙে।
অসমৰ ভোটাৰ হিচাপে গুৱাহাটীত ভোটদান কৰিছিল তেখেতে। ৰাজ্যৰ অনুষ্ঠান প্ৰতিষ্ঠানলৈ আগবঢ়াইছিল সমষ্টি উন্নয়নৰ পূঁজি। ২০১৪ চনত তেখেতে অন্তিম বাৰলৈ নিজ ভাড়া ঘৰলৈ আহিছিল।ৰাজ্যসভাত অসমক ৫বাৰকৈ প্রতিনিধিত্ব কৰা ড০ সিং ৰাজ্যবাসীৰ বাবে গৌৰৱ।